নগাঁওঃ অসমীয়া বৰ্ষৰ পবিত্ৰ কাতি মাহৰ অমাৱশ্যাৰ নিশা সমগ্ৰ ভাৰতবৰ্ষৰ দৰে অসমৰো প্ৰান্তে প্ৰান্তে হিন্দু ধৰ্মাৱলম্বী লোকসকলে বেছ উলহ-মালহেৰে উদযাপন কৰে পোহৰৰ উৎসৱ দীপাৱলী৷ এইবেলিও উচ্চ-নীচ ভেদাভেদ পাহৰি সৰ্বস্তৰৰ লোকসকলে সমাগত দীপাৱলী উৎসৱটি পালনৰ নিমিত্তে সকলোতে ব্যাপক প্ৰস্তুতি চলিছে৷
উল্লেখ্য, এই আলোকৰ উৎসৱত আন্ধাৰ বিনাশী ধৰা উজ্বলাই তুলিবলৈ ঘৰে ঘৰে, মন্দিৰ, ৰাজহুৱা স্থান আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, কাৰখানা আদি আলোকিত কৰি এটি বাংময় উৎসৱমুখৰ পৰিবেশ সৃষ্টিৰে আনন্দ-স্ফুৰ্তিত মতলীয়া হৈ পৰিব ৰাজ্যবাসী৷