newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে নমো এপ আৰু ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মুদ্ৰা লোন যোজনাৰ লাভ্যাৰ্থী সকলক সম্বোধিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে মুদ্ৰা লোন যোজনাৰ সহায়ত সাধাৰণ মানুহৰ প্ৰতিভাৰ প্ৰকাশ ঘটিছে আৰু তেওঁলোক নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ৬ লাখ কোটি টকা লোন প্ৰদান কৰা হৈছে৷
মোডীয়ে কয়, মুদ্ৰা লোনে কোনো ভেদ ভাৱ নৰখাকৈ পিছপৰা অঞ্চলসমূহৰ আৰ্থিক আৰু সামাজিকভাৱে শক্তিশালী কৰা কাৰ্য সফলতা পূৰ্বক ভাৱে সম্পন্ন কৰিছে৷ মুদ্ৰা লোন লাভ কৰা লোক সকলৰ সৈতে এক বাৰ্তালাপত মোডীয়ে কয় যে, বেংকসমূহে ১২ কোটি পৰিয়ালক ৬ লাখ কোটি মুুদ্ৰা ঋণ প্ৰদান কৰিছে৷ ১২ কোটি লাভ্যাৰ্থীৰ ভিতৰত প্ৰায় ২৮ শতাংশ অৰ্থাৎ ৩.২৫ কোটি লোকে প্রথম বাৰৰ বাবে লোন গ্ৰহণ কৰি স্বাৱলম্বী হোৱাৰ বাবে উদ্যম লৈছে৷