শ্ৰীনগৰঃ কৰ’না আতংক সত্বেও কাশ্মীৰত অব্যাহত থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মাজতে আজি এক অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সমৰ্থ হয় নিৰাপত্তা বাহিনীয়ে। বুধবাৰে উপত্যকাটোৰ পুলৱামা জিলাত সেনা-আৰক্ষীৰে হোৱা এক সংঘৰ্ষত নিহত হয় ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী ৰিয়াজ নাইকুৰ।
যোৱা ৮ বছৰ ধৰি দুৰ্ধৰ্ষ ৰিয়াজৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল নিৰাপত্তাৰক্ষীয়ে। ৰিয়াজৰ সন্ধান দিওতালৈ ১২ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল প্ৰশাসনে। অৱশেষত একাধিক প্ৰচেষ্টাৰ অন্তত আজি ধৰা পৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নাইকু।