newsnextone.com | নলবাৰীঃ অসম চৰকাৰৰ কৃষি বিভাগে যোগান ধৰা বিনামূলীয়া বীজেৰে অতি কষ্টৰে খেতি কৰি মূৰে-কপালে হাত দিব লগা হৈছে কৃষকে৷ কিয়নো চৰকাৰে যোগান ধৰা বীজেৰে কৰা ধানৰ খেতিত ধানৰ পৰিবৰ্তে পতানহে ওলাইছে ঠোকৰ পৰা৷ নগাঁও, হাজােৰ পিছতে এইবাৰ এই কাণ্ড সংঘটিত হৈছে নলবাৰী জিলাৰ মুকালমুৱাত৷

সোণগুটি চপাব নাপােৱাৰ ফলতেই নলবাৰী জিলাৰ জিলাৰ বৃহত্তৰ মুকালমুৱাৰ কৃষকসকলে হাহাকাৰ কৰিব লগা হৈছে৷ মূৰৰ ঘাম মাটিত পেলাই কৃষকসকলে পথাৰত কঠীয়া ৰুই সপোন দেখিছিল সোণগুটি চপোৱাৰ৷ পথাৰত গেঁৰ ধৰা ধান পকিছে যদিও সোণগুটি নহয় পতানহে ওলাইছে৷ মুঠৰ ওপৰত কপালৰ ঘাম মাটিত পেলাই খেতি কৰা কৃষক বিপদত পৰি হাহাকাৰ কৰিব লগীয়া হৈছে৷ 

ৰাজ্য চৰকাৰৰ কৃষি বিভাগে কৃষকক যোগান ধৰা বড়ো ধানৰ বীজেৰে খেতি কৰি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে দৰিদ্ৰ কৃষকে৷ সৰ্বশ্ৰান্ত হোৱা কৃষকে এতিয়া পথাৰত মূৰে কপালে হাত দি খেতি ডৰাত পিনে চাই চকুলো টুকিব লগা হৈছে৷ কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভিত কৃষকে শীঘ্ৰে কৃষকৰ ওচৰলৈ আহি ক্ষতিপূৰণ ঘোষণা কৰাৰ দাবী জনায়৷

জানিব পৰা মতে, চৰকাৰে ‘অভিষেক’ অাৰু ‘সহভোগী’ নামৰ বড়ো ধানৰ বীজ কৃষকসকলক বিতৰণ কৰিছিল৷ এই বীজেৰে অতি কষ্টৰে কৃষকে প্ৰতি বিঘাত কেইবা হাজাৰ টকা খৰছ কৰি কঠীয়া ৰুইছিল৷ কিন্তু ধানৰ গছ সমূহ লহপহকৈ বাঢ়ি আহে যদিও পথাৰত গেঁৰ ধৰি ধান পকিব ধৰে যদিও সোণগুটি নহয় পতানহে থকা পৰিলক্ষিত হয়৷
যাৰ ফলত কৃষকসকল চিন্তিত হৈ পৰিছে৷ হাতৰ ধন খৰছ কৰি লোকচান হোৱাত খাদ্যৰ সংকটত পৰিব বুলি কয় কৃষকে৷

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বিগত আঢ়ৈবছৰীয়া কাৰ্যকালত কি পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে তাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে মুকালমুৱাৰ কৃষকলৈ নামি আহিছে দুৰ্দিন৷ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ কৃষকে বড়োধানৰ খেতি কৰি মূৰে কপালে হাত দিব লগা হৈছে৷ 

গেঁৰ ধৰি ধান কাটিবৰ হ’ল যদিও ঠোকত ফল ধৰা দেখা নাপালে কৃষকে৷ কৃষকে ধানৰ পৰিবৰ্তে পতান হোৱাৰ কথা newsnextone.comক অৱগত কৰে৷ বান পানীৰ পিছতে শৰাঙে কোঙা কৰা খেতিয়কসকলক মাধমাৰ শোধালে চৰকাৰৰ বীজে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী বীজত পতান ওলোৱাৰ বাতৰি প্ৰকাশ হৈ থকাৰ সময়তে এইবাৰ অচিন বিপদে লগ দিছে কৃষকক। চৰকাৰী ধানৰ বীজেৰে কৰা খেতিত দেখা দিছে এক অচিন ৰোগ। 

নলবাৰী কৃষি বিভাগৰ মুকালমুৱা কৃষি খণ্ডৰ জৰিয়তে নাৰায়ণপুৰ গাঁৱৰ প্ৰায় দুই শতাধিক পৰিয়ালক উন্নত জাতৰ বড়ো ধানৰ বীজ যোগান ধৰিছিল চৰকাৰে। পতান ওলোৱাত খেতিয়সকলে পথাৰতে কান্দিব লগা হৈছে। গাঁও খনৰ শতকাৰ এশ পৰিয়ালে খেতিৰ কৰি পৰিয়াল চলাই৷ কঠোৰ পৰিশ্ৰম কৰাৰ লগতে ঋণ লৈ বছৰৰ ভাত মুঠি যোগাৰ কৰাৰ বাবে সাজু হৈছিল যদিও সেয়া বাধাৰ প্ৰাচীন হৈ দেখা দিলে চৰাকৰী বীজে৷ এতিয়া কৃষকসকলৰ অৱস্থাও পানীত হাঁহ নচৰাৰ দৰে হৈছে।

হবিব মোল্লা, বেজেৰ অালী, মিৰ হুছেইন অালী, মমতাজ অালী, অাজিজুৰ ৰহমান, অাতিকুৰ ৰহমান অাদি কৃষকে চৰকাৰে যোগান ধৰা বীজেৰে খেতি কৰি সকলো হেৰুওৱা বুলি কৈ উপয়ুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।