newsnextone.com | নলবাৰীঃ অসম চৰকাৰৰ কৃষি বিভাগে যোগান ধৰা বিনামূলীয়া বীজেৰে অতি কষ্টৰে খেতি কৰি মূৰে-কপালে হাত দিব লগা হৈছে কৃষকে৷ কিয়নো চৰকাৰে যোগান ধৰা বীজেৰে কৰা ধানৰ খেতিত ধানৰ পৰিবৰ্তে পতানহে ওলাইছে ঠোকৰ পৰা৷ নগাঁও, হাজােৰ পিছতে এইবাৰ এই কাণ্ড সংঘটিত হৈছে নলবাৰী জিলাৰ মুকালমুৱাত৷
সোণগুটি চপাব নাপােৱাৰ ফলতেই নলবাৰী জিলাৰ জিলাৰ বৃহত্তৰ মুকালমুৱাৰ কৃষকসকলে হাহাকাৰ কৰিব লগা হৈছে৷ মূৰৰ ঘাম মাটিত পেলাই কৃষকসকলে পথাৰত কঠীয়া ৰুই সপোন দেখিছিল সোণগুটি চপোৱাৰ৷ পথাৰত গেঁৰ ধৰা ধান পকিছে যদিও সোণগুটি নহয় পতানহে ওলাইছে৷ মুঠৰ ওপৰত কপালৰ ঘাম মাটিত পেলাই খেতি কৰা কৃষক বিপদত পৰি হাহাকাৰ কৰিব লগীয়া হৈছে৷