মঙলদৈঃ দিন দুপৰতে ৰাজ পথত গুলীয়াই হত্যা কৰা গৰু ব্যৱসায়ী মোক্তাৰৰ হত্যাকাৰীক আজিও আটক কৰিব নোৱাৰিলে ৰাজ্যৰ বিয়াগোম গৃহ বিভাগে৷ মঙলদৈৰ জনাৰাম চৌকাৰ মোক্তাৰ হত্যাকাণ্ডৰ ১০০ ঘন্টা উকলি গ’ল যদিও হত্যাকাৰীক আটক কৰাটো দুৰৰ কথা কোনে হত্যা কৰিলে সেই কথাও স্পষ্ট কৰিব নোৱাৰিলে দৰং আৰক্ষীয়ে৷
চৌদিশে সেনা আৰক্ষ্যোষীয়ে বিয়াপি দি থকাৰ সময়তে মঙলদৈ চহৰৰ আউলাচৌকাত শনিবাৰে বিয়লি ৪ বজাত দিনৰ পোহৰতে অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে মোক্তাৰক৷ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ আৰু আমছুৰ দৰং জিলা সমিতিয়ে হত্যাকাৰীক আটক কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷