Midday
Midday

ডিজিটেল ডেস্কঃ দেশত আজিও এসাজ ভাত, এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহকাৰ কৰিব লগা হয়৷ এনে লোকৰ সংখ্যা ভাৰতবৰ্ষত আজিও ২১.৯ শতাংশ৷ গ্ৰাম্য অঞ্চলত দৈনিক ৩২ টকা আৰু নগৰ অঞ্চলত ৪৭ টকা উপাৰ্জন কৰা লোকক ধনী বুলি ভবা হয়৷

কিন্তু তাৰ মাজতে দেশত এনেকুৱাও লোক আছে যিয়ে নিজৰ গাড়ী চালকক ২ লাখ টকা দৰমহা দিয়ে৷ ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানী এনে এটা নাম যিয়ে উচ্চতাৰ শিখৰত উঠিছে৷ তেওঁ কেৱল মাত্ৰ ভাৰততে নহয় সমগ্ৰ বিশ্বতে এজন ধনী ব্যক্তি হিচপে পৰিচিত৷ তেওঁৰ ‘এণ্টেলিনা’ নামৰ ঘৰটোও বিশ্বৰ সকলোতকৈ দামী ঘৰবোৰৰ মাজত এটা৷ সাধাৰণ মানুহে কেৱল মাত্ৰ এখন গাড়ী কিনিবলৈয়ে বহুত ভাবিব লাগে৷

কিন্তু মুকেশ আম্বানীৰ তাত এখন দুখন নহয় বিশ্বৰ সকলো মডেলৰ মুঠ ৫০০ খন গাড়ী আছে, আৰু লগতে আছে হেলিকপ্টাৰ আৰু পানী জাহাজো৷ কিন্তু বৰ্তমানে ছচিয়েল মিডিয়াত মুকেশ আম্বানীৰ সলনি বহুল জনপ্ৰিয় হৈছে তেওঁৰ গাড়ী চালক হে৷ আম্বানীয়ে কিদৰে চালকজনৰ কথা মানে আৰু কিমান দৰমহা দিয়ে এই সকলো কথাৰ ভিডিঅ’ এটাই খলকনি তুলিছে ছচিয়েল মিডিয়াত৷

সমগ্ৰ দেশেই জানে আম্বানী আৰু তেওঁৰ পৰিয়ালৰ কথা, কিন্তু নাজানে তেওঁৰ তাত কাম কৰা মানুহৰ কথা আৰু উপাৰ্জনৰ কথা৷ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ টোত কাৱা হৈছে, আম্বানীৰ ঘৰৰ সাধাৰণ কাম কৰা মানুহ হোৱাটোও অতি কঠিন কাম, তেনে ক্ষেত্ৰত গাড়ী চালক হোৱাটো কিমান কষ্টকৰ সেয়া হোৱা জনেহে বুজিব৷ আম্বানীৰ গাড়ী চালক হ’বলৈ হ’লে চালক জনে কেইবাটাও পৰীক্ষাৰ মাজেৰে পাৰ হ’ব লাগে৷

মুলত চালকৰ বাবে মুকেশ আম্বানীয়ে কোম্পানী সমুহক ঠিকা দিয়ে, আৰু সেই সমুহে পূৰ্ণ প্ৰশিক্ষণৰ মাজেৰে চালক নিৰ্বাচন কৰে৷ আম্বানীয়ে তেওঁৰ চালকক মাহিলী দৰমহা হিচাপে শকত ধন দিয়ে৷ জানিবলৈ পোৱা মতে চালকক আম্বানীয়ে মাহে ২ লাখ টকা দৰমহা দিয়ে৷