newsnextone.com | গুৱাহাটী/মৰিগাঁওঃ হিন্দী বলয়ৰ আগ্ৰাসনৰ কথা সময়ে সময়ে প্ৰকাশ হৈ আহিছে যদিও এইবাৰ তাৰ প্ৰমাণ ওলাই পৰিল৷ এগৰাকী বহিৰাগত ব্যৱসায়ীয়ে এগৰাকী থলুৱা কৰ্মচাৰীক কাণত ধৰাই আঠুকঢ়াই থৈ প্ৰমাণ কৰিলে অসমত শেহতীয়াকৈ হিন্দী বলয়ৰ প্ৰভাৱ কিমান৷ সময়ে সময়ে অসমৰ সমাজ জীৱনত ভয়াবহ ভাৱে ক্ৰিয়া কৰা কিছু ঘটনা বহিৰাগত ব্যৱসায়ীয়ে সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত কৰি আহিছে যদিও এইবাৰ হাতে কামে কৰি দেখুৱালে৷
গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কমল দাস নামৰ থলুৱা কৰ্মচাৰীক কাণত ধৰাই আঁঠু কঢ়াই থয় বৃহস্পতিবাৰে৷ তাৰ পিছতে এই ফটো ছ’ছিয়েল মিডিয়াত প্ৰকাশ পায়৷ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷