ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজনীতিত দেশৰ বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ ভূমিকা বিশেষ বুলি দেশ স্বাধীন হোৱাৰ পিছৰে পৰা চৰ্চা হৈ আহিছে৷ কিয়নো দেশৰ ভিতৰতে ডাঙৰ ৰাজ্য খনত লোকসভা সমষ্টিৰ সংখ্যা অত্যাধিক৷ ৰাজ্য খনে একপ্ৰকাৰ নিশ্চিত কৰি আহিছে দিল্লীত চৰকাৰ কোন দলে গঠন কৰিব৷
৮০ খন লোকসভা আসন আছে উত্তৰ প্ৰদেশত৷ যাৰ বাবে দেশৰ সাধৰণ নিৰ্বাচনৰ সময়ত সমগ্ৰ দেশৰ চকু উত্তৰ প্ৰদেশৰ পিনে থাকে৷ উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ প্ৰতিটো খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰুত্ব লাভ কৰে৷ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আদি উত্তৰ প্ৰদেশৰ পৰাই প্ৰতিনিধিত্ব কৰিছিল৷