গুৱাহাটীঃ বুকুত এক শিহৰণ৷ তেওঁৰ বুকুৰ শিহৰণৰ কথা হয়তো কাকো কব পৰা নাই৷ তেওঁৰ বুকুত শিহৰণ থাকিবই৷ ক’ত বোকা-পানীৰে ভৰা গাঁও খন আৰু ক’ত অষ্ট্ৰেলিয়াৰ গল্ড কোষ্ট৷ কিন্তু বোকা পানীৰ গাঁও খনে দিয়া অযুত সাহসে তেওঁক আজি ৰাণীৰ শাৰীত থিয় কৰালে৷ তেওঁ এতিয়া দৌৰৰ ৰাণী হিচাপে খ্যাতি লাভ কৰিছে৷
হয়তো তেওঁৰ মনৰ ভিতৰতে কছৰৎ কৰিছে৷ মই স্বৰ্ণ জয়ী হ’বই লাগিব৷ মোৰ দেশৰ বাবে, মোৰ অসম খনৰ বাবে মই স্বৰ্ণ জয়ী হ’বই লাগিব৷ অসমৰ মানুহে মোৰ স্বৰ্ণ লাভৰ খবৰৰ বাবে অধিৰ অপেক্ষা কৰি আছে৷ মই আজি জীৱনৰ শ্ৰেষ্ঠ দৌৰ দিম৷ আজি দৌৰত কোনেও মোৰ সৈতে ফেৰ মাৰিব নোৱাৰিব৷ মই আজি দৌৰৰ সকলো সীমা পাৰ কৰিম৷