Home ৰাজ্যমুম্বাই চহৰত ১৪ ঘণ্টা ধৰি বৰষুণ, ব্যাহত স্বাভাবিক জনজীৱন, ভাঙি পৰিল উৰণীয়া সেঁতু

মুম্বাই চহৰত ১৪ ঘণ্টা ধৰি বৰষুণ, ব্যাহত স্বাভাবিক জনজীৱন, ভাঙি পৰিল উৰণীয়া সেঁতু

by News Desk
60 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ নেৰানেপেৰা বৰষুণৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে মুম্বাইবাসীৰ৷ সোমবাৰে নিশাৰে পৰা মঙলবাৰে পুৱালৈ একেৰাহে বৰষুণ দি থকাৰ ফলত স্বাভাবিক জনজীৱন ব্যাহত হৈ পৰা লগতে মুম্বাই চহৰৰ বহু এলেকা পানীত ডুব যায়৷ 

চহৰৰ বৃহৎ বৃহৎ এলেকা পানীত ডুব যোৱাত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ মঙলবাৰে পুৱাই ৭বাজি ৩০ মিনিটত আন্ধেৰী ৰেল ষ্টেচনৰ গোখলে উৰণীয়া সেঁতুৰ বৃহৎ এটা অংশ ভাঙি পৰে৷ ফলত হাজাৰ হাজাৰ যাত্ৰী আৱদ্ধ হৈ পৰে৷ উৰণীয়া সেঁতুৰ ভাঙি পৰাৰ পিছতে বৰষুণৰ মাজতে প্ৰশাসনে উদ্ধাৰ অভিযান চলাই৷ উদ্ধাৰ অভিযানৰ বাবে হাওৰা-আন্ধেৰী, বান্দ্ৰাৰ মাজত ৰেল সেৱা সম্পূৰ্ণ ব্যাহত হয়৷ ইতিমধ্যে এনডিআৰএফ বাহিনীয়ে ৬গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0