মুম্বাইঃ দেশৰ ভিতৰতে ধনী মুম্বাই মহানগৰী৷ ৮২০ বিলিয়নাৰেৰে মুম্বাই দেশৰ আটাইতকৈ ধনী মহানগৰলৈ উন্নীত হৈছে৷ নিউ ৱৰ্ল্ড ৱেল্থৰ সমীক্ষা অনুসৰি ৪৬ হাজাৰ মিলিয়নাৰ আৰু ২৮ জন বিলিয়নাৰৰ বসতিস্থল মুম্বাই৷

মুম্বাইৰ পিছতে এই তালিকাত আছে দেশৰ ৰাজধানী চহৰ দিল্লী৷ দিল্লীত ২৩ হাজাৰ মিলিয়নেয়াৰ আৰু ১৮ বিলিয়নাৰ বাস কৰে৷ মহানগৰৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪৫০ বিলিয়ন৷ দিল্লীৰ পিছত ধনী মহানগৰৰ তালিকাখনত আছে বাংগালুৰু৷ ২০১৬ ৰ ডিচেম্বৰলৈ দেশৰ মুঠ সম্পতি হৈছে ৬.২ ট্ৰিলিয়ন৷