newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কুখ্যাত মাফিয়া মুন্না বজৰংগীক সোমবাৰে উত্তৰ প্ৰদেশৰ বাগপত জিলাত গুলিয়াই হত্যা কৰা হয়৷ সোমবাৰে প্ৰাক্তন বিএছপি বিধায়ক লোকেশ দীক্ষিতৰ পৰা ধনদাবী কৰাৰ এক গোচৰত মুন্না বজৰংগী বাগপত আদলত উপস্থিত হোৱাৰ কথা আছিল৷ মাফিয়া জনক দেওবাৰে ঝাঁচীৰ পৰা বাগপতলৈ লৈ অনা হৈছিল৷ কিন্তু আদালতত হাজিৰ কৰাৰ পূৰ্বেই মুন্না বজৰংগীক গুলিয়াই হত্যা কৰা হয়৷

ইফালে, এই হত্যাকাণ্ডৰ পিছতে হত্যাৰ অভিযোগত জেইলাৰ সহ ৪ গৰাকী আৰক্ষী কৰ্মীক চাকৰিৰ পৰা নিলম্বন কৰা হয়৷ জানিব পৰা মতে, মুন্না বজৰংগীৰ দেহত ১০ টা গুলী লাগে৷ কুখ্যাত মাফিযাজনক গুলিয়াবলৈ দুটা পিষ্টল ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে৷ ইফালে, পৰৱৰ্তী তদন্তৰ বাবে আৰক্ষী বিষয়া কাৰাগাৰত উপস্থিত হৈছে৷

মাফিয়াজনক জেইলৰ ভিতৰতে হত্যা কৰাক লৈ ৰাজ্যখনত উত্তাল পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়তে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে৷ তেওঁ কয়, ‘জেইলৰ ভিতৰত হত্যা কৰা ঘটনা সাধাৰণ কথা নহয়৷ এই ঘটনাৰ গভীৰ ভাৱে তদন্ত কৰা হ’ব৷ দোষীয়ে কোনো পধ্যেই ৰেহাই নাপায়৷’

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাক গম্ভীৰভাৱে লৈ কয় যে, ঘটনা সন্দৰ্ভত তেওঁ আৰক্ষী মহা নিৰ্দেশক আৰু গৃহ বিভাগৰ সৈতে আলোচনা কৰিছে৷ ঘটনাৰ তদন্ত চলাই প্ৰথমতেই কৰ্তব্যৰত জেইলাৰৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ তাৰ লগতে ন্যায়িক তদন্তৰো নিৰ্দেশ প্ৰদান কৰা হৈছে৷ ইয়াৰ পিছতেই পৰৱৰ্তী তদন্ত আৰম্ভ কৰা হ’ব৷

তেওঁ কয় যে, মাফিয়া বজৰংগী বহুকেইটা অনৈতিক অপৰাধমূলক কামৰ সৈতে জড়িত আছিল৷ কিন্তু কাৰাগাৰৰ ভিতৰত এনেদৰে এজন লোকৰ মৃত্যু এক চিন্তনীয় বিষয়৷ আমি এই ঘটনাৰ গভীৰতাত প্ৰৱেশ কৰি তদন্ত চলাম৷ দোষী যিয়েই নহওক, তেওঁক উচিত শাস্তি প্ৰদান কৰা হ’ব৷

ইফালে গৃহ বিভাগৰ মুখ্য সচিব অৰবিন্দ কুমাৰে লক্ষ্নৌত কয় যে, বজৰংগীক কাৰাগৰৰ ভিতৰত হত্যা কৰা ঘটনাত জেইলাৰ উদয় প্ৰতাপ সিঙ, সহকাৰী জেইলৰ শিৱাজী যাদৱ, মুখ্য ৱাৰ্ডেন অৰজিন্দৰ সিঙ আৰু ৱাৰ্ডেন মাধৱ কুমাৰক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে মুন্না বজৰংগীৰ পত্নী সীমা সিঙে কৈছিল যে, তেওঁৰ পতিক কাৰাগাৰৰ পৰা বাহিৰলৈ অনাৰ সময়তে গুলিয়াই হত্যা কৰা হ’ব৷ মুন্না বজৰংগীক হত্যাৰ বাবে আৰক্ষীয়ে ষড়যন্ত্ৰ ৰচনা কৰা বুলিও অভিযোগ উত্থাপন কৰিছিল সীমা সিঙে৷ 

এখন সংবাদ মেল আয়োজন কৰি সীমাই অভিযোগ উত্থাপন কৰি কৈছিল যে ঝাঁচী কাৰাগাৰাতো তেওঁৰ স্বামীক হত্যাৰ চেষ্টা চলাইছিল৷ কিন্তু সেই ঘটনা কাৰাগাৰৰ ভিতৰত হোৱা বাবে সেইবাৰলৈ তেওঁ ৰক্ষা পৰিছিল৷ মুন্না বজৰংগীৰ পত্নীয়ে কেইগৰাকীমান নেতা আৰু ব্যৱসায়ীয়ে তেওঁৰ স্বামীক হত্যা কৰিব বিচাৰে বুলি দাবী কৰিছিল৷

ইফালে, মুন্না বজৰংগীৰ অধিবক্তা বি শ্ৰীবাস্তৱে কয় যে, দেওবাৰে নিশা বজৰংগীক ঝাঁচীৰ পৰা বাগপতলৈ অনা হয়৷ কিন্তু সোমবাৰে চুবৰ জেইলত বন্দী হৈ থকা এজন অপৰাধীয়ে তেওঁক গুলিয়াই হত্যা কৰে৷ হত্যাকাৰীয়ে এটি নলাত পিষ্টল লুকুৱাই ৰাখিছিল৷ আনহাতে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে মুন্না বজৰংগীক হত্যা কৰিব বিচৰা বুলিও বাতৰি প্ৰচাৰ হৈছিল৷

জানিব পৰা মতে, মুন্না বজৰংগীৰ প্ৰকৃত নাম হৈছে প্ৰেম প্ৰকাশ সিঙ৷ ১৯৬৭ চনত উত্তৰ প্ৰদেশৰ জৈনপুৰ জিলাৰ পুৰেদয়াল গাঁৱত মুন্না বজৰংগীয়ে জন্মগ্ৰহণ কৰিছিল৷