newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কুখ্যাত মাফিয়া মুন্না বজৰংগীক সোমবাৰে উত্তৰ প্ৰদেশৰ বাগপত জিলাত গুলিয়াই হত্যা কৰা হয়৷ সোমবাৰে প্ৰাক্তন বিএছপি বিধায়ক লোকেশ দীক্ষিতৰ পৰা ধনদাবী কৰাৰ এক গোচৰত মুন্না বজৰংগী বাগপত আদলত উপস্থিত হোৱাৰ কথা আছিল৷ মাফিয়া জনক দেওবাৰে ঝাঁচীৰ পৰা বাগপতলৈ লৈ অনা হৈছিল৷ কিন্তু আদালতত হাজিৰ কৰাৰ পূৰ্বেই মুন্না বজৰংগীক গুলিয়াই হত্যা কৰা হয়৷
ইফালে, এই হত্যাকাণ্ডৰ পিছতে হত্যাৰ অভিযোগত জেইলাৰ সহ ৪ গৰাকী আৰক্ষী কৰ্মীক চাকৰিৰ পৰা নিলম্বন কৰা হয়৷ জানিব পৰা মতে, মুন্না বজৰংগীৰ দেহত ১০ টা গুলী লাগে৷ কুখ্যাত মাফিযাজনক গুলিয়াবলৈ দুটা পিষ্টল ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে৷ ইফালে, পৰৱৰ্তী তদন্তৰ বাবে আৰক্ষী বিষয়া কাৰাগাৰত উপস্থিত হৈছে৷