ছাদিকুজ জামান, মোৰাঝাৰঃ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাইকেলেৰে সমষ্টিয়ে সমষ্টিয়ে পথ পৰিদৰ্শন কৰিব বুলি ঘোষণা কৰাৰ লগে লগে ৰাইজৰ মাজত আশাৰ সঞ্চাৰ হৈছে৷ লগতে গড়কাপ্তানী বিভাগতো তৎপৰ হোৱা পৰিলক্ষিত হ’ব বুলি আশা কৰিছিল৷

কিন্তু মন্ত্ৰীৰ এনে ঘোষণা বা পৰিকল্পনা কোনো এটাৰে প্ৰভাৱ পৰা নাই যমুনামুখ সমষ্টিত৷ তাতকৈ আচৰিত কথা হ’ল যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমলক নিজ সমষ্টিত নথকাৰ বাবে তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বিষয়া ঠিকাদাৰ সকলে৷ ফলত সমষ্টিটোৰ বিভিন্ন স্থানত থকা পথছোৱাৰ মাজত পুখুৰী সদৃশ গাত, বোকা-পানীৰে একাকাৰ হৈ পৰিছে৷

যাৰ বাবে যাতায়তৰ নামত ৰাইজে আজিৰ যুগতো নৰক যন্ত্ৰণা ভুগি আহিছে৷ বদৰ উদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমলৰ দখলত থকা যমুনামুখ সমষ্টিৰ যমুনামুখ-সৰুপথাৰ পথৰ নগাঞাপামৰপৰা ডেকেৰুৱা গাঁওলৈকে, নগাঞাপাম গাঁওৰপৰা কান্দুলিমাৰী হৈ পটিয়াপাম লৈকে, বালিৰাম গাঁওৰপৰা ৰজাৰআলী-পাতিদৈয়া হৈ চাংমাঝি লৈকে, যমুনামুখ বজাৰৰপৰা চিকামাৰী গাওঁ হৈ যমুনামুখ কলেজ লৈকে, যমুনামুখ বজাৰৰপৰা ইছলাম পট্টি, মালজাৰী হৈ যমুনাগুড়ী লৈকে, ভকত গাঁওৰপৰা কাঠকটিয়া গাঁওলৈ যোৱা গ্ৰাম্য বা ৰাজ্যিক পথ সমূহ আজি লৈকে নিৰ্মাণ কৰিব নোৱাৰাৰ বাবে বাৰিষা কালত যাতায়াত ব‍্যাহত হৈ পৰিছে। 

ৰাইজে অভিযোগ কৰা মতে কেন্দ্ৰ বা ৰাজ্য চৰকাৰ নিৰ্দেশ আছে যিখন গাঁওতে পাঁচ শ লোক বাস কৰে তা লৈকে পথ পকীকৰণ কৰিব লাগে৷  বিগত ২০ বছৰৰপৰা যমুনামুখ সমষ্টি AIUDF ৰ দখলত আছে৷ কিন্তু যমুনামুখবাসী উন্নয়নৰ মুখ দেখা নায়৷ উক্ত পথকেইটাৰে নিতৌ বিভিন্ন গাঁওৰ ৰাইজ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীকে ধৰি ব‍্যৱসায়ী, কৰ্মচাৰী, পথচাৰী অহা-যোৱা কৰে৷ 

কিন্তু বৰষুণৰ বতৰত যোগাযোগৰ নামত ভীষণ হাৰাশাস্তিৰ সম্মুখীন হৈছে। বিভিন্ন সময়ত যমুনামুখবাসী দাবী, আবেদন কৰাৰ পাছতো এই পথ কেইটাৰ ক্ষেত্ৰত সমষ্টিৰ বিধায়ক বা গড়কাপ্তানী বিভাগৰ বৰমূৰীয়া সকলে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে ৰাইজে আজিও এজাক বৰষুণতে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে। আনকি পথৰ মাজত থকা গাত সমূহত আৱদ্ধ হৈ থকা বৰষুণৰ পানী সমূহ বাহিৰ কৰি দিবৰ বাবে বিভাগটোত নাই কোনো কৰ্মচাৰী৷

ৰাইজৰ হেঁচাত কেতিয়াবা দুই এজন কৰ্মচাৰীয়ে পানী সমূহ বাহিৰ কৰি দিবৰ বাবে আহে, যদিও তেওঁলোকৰ কামৰ নমুনা দেখিলে আচৰিত হৈ পৰিব৷ যমুনামুখবাসী ৰাইজ তথা বিভিন্ন দল-সংগঠন গড়কাপ্তানী মন্ত্ৰীক যমুনামুখ অঞ্চলৰ বাট পথসমূহ চাইকেল মাৰি পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছে৷

ইফালে, যমুনামুখৰপৰা চাংজুৰাই লৈকে নিৰ্মাণ কৰি থকা চি চি ব্লকৰ পথছোৱাৰ কাম শামূকীয়া গতিত চলি থকাৰ অভিযোগ উত্থাপন হৈছে৷ যমুনামুখ সমষ্টিৰ উন্নয়নৰ ক্ষেএত বৰ্তমানৰ বিধায়ক জনে বা তেওঁৰ দলে উন্নয়ন খণ্ড দখল কৰাৰ পাছতো কোনে উন্নয়নমূলক কাম ৰাইজৰ চকুত লগাকে কৰিব নোৱাৰাৰ ফলত যোৱা পঞ্চায়ত নিৰ্বাচনত ইউডিএফ দলে সম্পূৰ্ণভাৱে মুখ থেকেচা খাইছে৷

আগন্তোক দিনত যমুনামুখৰ বাট পথ উন্নয়ন বাবে কোনো সঠিক পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে বিধান সভাৰ নিৰ্বাচনতো থেকেচা খাব বুলি সকীয়াই দিয়ে ৰাইজে৷