ছাদিকুজ জামান, মোৰাঝাৰঃ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাইকেলেৰে সমষ্টিয়ে সমষ্টিয়ে পথ পৰিদৰ্শন কৰিব বুলি ঘোষণা কৰাৰ লগে লগে ৰাইজৰ মাজত আশাৰ সঞ্চাৰ হৈছে৷ লগতে গড়কাপ্তানী বিভাগতো তৎপৰ হোৱা পৰিলক্ষিত হ’ব বুলি আশা কৰিছিল৷
কিন্তু মন্ত্ৰীৰ এনে ঘোষণা বা পৰিকল্পনা কোনো এটাৰে প্ৰভাৱ পৰা নাই যমুনামুখ সমষ্টিত৷ তাতকৈ আচৰিত কথা হ’ল যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমলক নিজ সমষ্টিত নথকাৰ বাবে তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বিষয়া ঠিকাদাৰ সকলে৷ ফলত সমষ্টিটোৰ বিভিন্ন স্থানত থকা পথছোৱাৰ মাজত পুখুৰী সদৃশ গাত, বোকা-পানীৰে একাকাৰ হৈ পৰিছে৷