মোৰাঝাৰঃ শুকুৰবাৰে দুপৰীয়া বিন্নাকান্দি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভাকক্ষত ডবকা ৰাজহ চক্ৰ বিষয়া অনুসূয়া শৰ্মাৰ পৌৰহিত্যত এখন সভা অনুষ্ঠিত হয়৷ সভাত বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত নৱনিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্য-সদস্যা সকলক শপত বাক্য পাঠ কৰায়৷ পিছত আঞ্চলিক পঞ্চায়ত সদস্য সদস্যা সকলে সভাপতি বাচনি নিৰ্বাচন কৰাৰ সময়ত দুজনৰ নাম প্ৰস্তাৱ হোৱাত ভোটদানৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷
ভোটদান প্ৰক্ৰিয়াত ডবকাৰ চাংমাজি পঞ্চায়তৰ সদস্য ফৰিজ উদ্দিনে ১৬ টা ভোট লাভ কৰাৰ বিপৰীতে জয়নগৰ পঞ্চায়তৰ সদস্য সভাপতি পদৰ প্ৰাৰ্থী আইনুল হকে ৮ টা ভোট লাভ কৰি পৰাজিত হয়৷