ছাদিকুজ জামান, মোৰাঝাৰঃ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ চলি আছে, সেই হেতুকে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে শিক্ষানুষ্ঠানত সমূহীয়া ইফতাৰৰ আয়োজন কৰা হয়| আল্লাহক ৰাজি আৰু সন্তুষ্টি কৰিবলৈ গুৰু, শিষ্য, অভিভাৱক, শুভাকাংক্ষীয়ে মিলি একেলগে কৰিলে ইফতাৰ|
বুধবাৰে হোজাইৰ মোৰাঝাৰৰ গাইডেন্স জুনিয়ৰ কলেজৰ সৌজন্যত এখনি সমূহীয়া ইফতাৰ হৈ যায়|ইফতাৰত কলেজৰ সঞ্চালক নুৰ আহমেদ, অধ্যক্ষ ছাদিকুজ জামান, মোৰাঝাৰ গাঁও পঞ্চায়তৰ সভাপতি হিফজুৰ ৰহমান, গাইডেন্স জুনিয়ৰ কলেজৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজসেৱী আব্দুল হান্নান, বিশিষ্ট ব্যৱসায়ী কৰিম উদ্দিন, শিক্ষক ইয়াহহিয়া আহমেদ, মোৰাঝাৰ আঞ্চলিক আমছুৰ সভাপতি পাৰবেজ আহমেদ, কৃষক নেতা নুৰুল হককে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে|