মোৰাঝাৰঃ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ এশ বছৰ পূৰ্ণ হোৱা উপলক্ষে শনিবাৰে হোজাইৰ নাজিৰ আজমল মেম’ৰিয়েল বিএড কলেজ চৌহদত জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত শ্বহীদৰ আত্মাৰ সদগতিৰ কামনাৰে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে শ্বহীদসকলৰ আত্মাৰ শান্তি কামনা কৰা হয়। 

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ড° খচৰুল ইছলাম, আজমল গ্ৰুপ অৱ কলেজৰ ইনিছপেক্টৰ ড° চামিম চফিকা বেগম, মৰিয়ম আজমল অমেনচ কলেজ অৱ ছায়েন্স এণ্ড টেক্নলজিৰ শিক্ষক-শিক্ষ‌য়িত্ৰীসকলৰ লগতে কলেজখনৰ ছাত্ৰীসকল উপস্থিত থকে।

বন্তি প্ৰজ্বলন কাৰ্যসূচীত ড৹ খচৰুল ইছলামে কয়, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ইতিহাসত এক কুখ্যাত হত্যাকাণ্ড।