Home ৰাজ্যমাদ্ৰাছাৰ পূৰ্ণাংগ পৰিচালনা সমিতি গঠন

মাদ্ৰাছাৰ পূৰ্ণাংগ পৰিচালনা সমিতি গঠন

by News Desk
A+A-
Reset
cf7ce679-b5fa-4bbb-8fd2-42f68c9391ab

মোৰাঝাৰঃ দুবছৰজোৰা দীঘলীয়া সংঘাতপূৰ্ণ পৰিৱেশৰ অৱসান ঘটাই দেওবাৰে ঐতিহ্যবাহী অসম দাৰুল হাদীছ জয়নগৰ মাদ্ৰাছাৰ পূৰ্ণাংগ পৰিচালনা সমিতিখন গঠন কৰা হয়৷ হোজাই জিলাৰ উপায়ুক্ত তন্ময় প্ৰতীম বৰগোহাঞিৰ সঞ্চালনাত মাদ্ৰাছা চৌহদতে কালি অনুষ্ঠিত এখন জনকীৰ্ণ সাধাৰণ সভাত অৱসৰপ্ৰাপ্ত গ্ৰামোন্নয়ন বিষয়া নজৰুল ইছলামক সভাপতি আৰু পূৰ্বৰ সাধাৰণ সম্পাদক (মুহতামিম) মৌলানা সামছুল ইছলামক পুনৰ সাধাৰণ সম্পাদক হিচাপে বাচনি কৰি ৫১ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়৷ 

উক্ত সমিতিখন মাদ্ৰাছা পৰিচালনাৰ ক্ষেত্ৰত সৰ্বোচ্চ ক্ষমতাধাৰী সমিতি হ’ব৷ কাৰ্যনিৰ্বাহক সমিতিয়ে ইয়াৰ পৰৱৰ্তী বৈঠকত ২১ জনীয়া মূল কাৰ্যকৰী সমিতি গঠন কৰিব৷ এই সমিতিখনে মাদ্ৰাছাৰ প্ৰশাসনীয় কাম-কাজসমূহ পৰিচালনা কৰিব৷ ১৯৩২ চনত স্থাপিত এই মাদ্ৰাছাখন অসমৰ অন্যতম প্ৰাচীন ইছলাম ধৰ্মীয় উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0