ছাদিকুজ জামান, মোৰাঝাৰঃ বৰ্তমান পৰিস্থিতিত সমগ্ৰ অসম বানত বুৰ গৈছে৷ মানুহৰ অৱস্থা অতিশয় দুখলগা, চতুৰ্দিশে কেৱল হাহাকাৰ আৰু বিভীষিকাময় পৰিৱেশ। ৰাজ্যবাসীৰ এনে এক দুৰ্যোগৰ সময়ত সদৌ অসম কবি সন্মিলনে বানাক্ৰান্তসকলৰ ওচৰত থিয় দি কিঞ্চিত সহায়ৰ হাত আগবঢ়াবলৈ সকলো জিলা আৰু শাখা কবি সন্মিলনক আহ্বান জনাইছে৷ 

সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়া আৰু প্ৰধান সম্পাদক উজ্জ্বল পাউগামৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১৯ জুলাইত হোজাই জিলা কবি সন্মিলনে যমুনামুখ সমষ্টিৰ চাৰ্লক ৰিজাৰ্ভত ১৮০ গৰাকী বানাক্ৰান্ত লোকৰ মাজত সাহাৰ্য্য বিতৰণ কৰে৷ শেহতীয়া নিখাৰী, কপিলী আৰু যমুনাৰ বানে চাৰ্লকৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছে ৰিজাৰ্ভ গাঁওখনক৷ 

হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতান, সম্পাদক জমিৰ উদ্দিন তালুকদাৰৰ নেতৃত্বত জিলা কবি সন্মিলনৰ এটি সঁজাতি দলে গাঁওখনৰ আক্ৰান্তসকলৰ কাষত থিয় দি এধানি সহায়ৰ হাত আগবঢ়ায়৷ বানাক্ৰান্তসকলৰ মাজত চাউল, দাইল, চিৰা, বিস্কুট, কাপোৰ আদি বিতৰণ কৰা হয়৷ বান সাহাৰ্য্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ডবকা শাখা কবি সন্মিলনৰ সভাপতি ৰফিক উদ্দিন, সম্পাদক জিয়া চৌধুৰী, জিলা কবি সন্মিলনৰ সহ সম্পাদক ছাদিকুজ্ জামান, কাৰ্যনিৰ্বাহক এনাম হুছেইন, শ্বহিদুল আলম, অভিযন্তা আইনুল হক চৌধুৰী, চিকিৎসক ৰাজাক মাজাৰভূঞা আৰু আব্দুল মালিক ওজা৷ 

বান সাহাৰ্য্য বিতৰণত স্থানীয় পৰ্যায়ত সহযোগ আগবঢ়ায় ইয়াহইয়া আহমেদ বৰভূঞা আৰু তেওঁৰ পিতৃ ইছলামিক চিন্তাবিদ মৌলানা আব্দুল লতিফ বৰভুঞাই৷