ছাদিকুজ জামান, মোৰাঝাৰঃ লংকাস্থিত ঐতিহ্যমণ্ডিত কৃষ্ণবৰা বিএড মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ প্ৰশিক্ষাৰ্থীসকলৰ উদ্যোগত আৰু লস্কৰ পাঞ্চালী হাইস্কুল, গুড চেফ্ৰেড ইংলিছ স্কুল আৰু অসম ভেলী একাডেমীৰ সহযোগত লস্কৰ পাঞ্চালী হাইস্কুলত এখনি নাৰী সৱলীকৰণ সভা অনুষ্ঠিত হৈ যায়।
এই সজাগতা সভাখনত লস্কৰ পাঞ্চালী হাইস্কুলৰ প্ৰাধন শিক্ষক হিফজুৰ ৰহমানৰ সভাপতিত্বত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কৃষ্ণবৰা বিএড কলেজৰ অধ্যক্ষ মুস্তাফিজুৰ ৰহমান, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লংকা জুনিয়ৰ কলেজৰ প্ৰবক্তা অনু ৰিজলৰ লগতে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল।