newsnextone.com| মোৰাঝাৰঃ সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ মধ্যকালীন অধিবেশন খন চাৰি দিনীয়া কাৰ্য্যসূচীৰে অহা ২৯ চেপ্তেম্বৰৰ পৰা হোজাই জিলাৰ নীলবাগানত অনুষ্ঠিত হ’ব৷ সেই উপলক্ষে ব্যাপক প্ৰস্তুতি চলিছে নীলবাগান খেল পথাৰত, সজোৱা হৈছে আটক ধুনীয়া মণ্ডপ৷ অধিবেশন খনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কবি, বুদ্ধিজীৱীৰ উপৰিও বহিঃৰাজ্যৰ বহু কবি সাহিত্যিকে অংশগ্ৰহণ কৰিব৷ এই কবি সন্মিলনতে স্মৃতি গ্ৰন্থ, কাব্যমনীষা, কাব্য গ্ৰন্থ আদৰণি সমিতিয়ে প্ৰকাশ কৰাৰ সাজু হৈ উঠিছে৷
বহু কেইজন বিশিষ্ট কবিক এই নীলবাগান অধিবেশনতেই সন্মানীয় উপাধিও প্ৰদান কৰা হ’ব ৷ এই অধিবেশন খনিৰ পৰাই সমগ্ৰ অসমলৈ এটি সমন্বয়ৰ বাৰ্তা যাব বুলি তেওঁলোকে আশা কৰে৷ কবি সন্মিলনৰ লগত সংগতি ৰাখি গ্ৰন্থ মেলাৰো আয়োজন কৰা হৈছে৷ এই চাৰিদিনীয়া কাৰ্যসূচী অনুসৰি