100
মোৰাঝাৰঃ জীৱনত সফল হ’বলৈ হলে সপোন দেখিব লাগে, সেই সপোন বেলেগ বেলেগ হ’ব পাৰে৷ চকু খুলি সপোন দেখিব লাগে৷ কোনোবা হিন্দু, মুছলিম বা খ্ৰীষ্টান কিন্তু প্ৰথমে আমি সকলো মানুহ। কাৰো তেজৰ ৰং বেলেগ নহয় সকলোৰে তেজৰ ৰং ৰঙা, মাত্ৰ এচাম মানুহে আমাক ভাগ ভাগ কৰিব বিচাৰে ‘‘এনেদৰে হোজাই জিলাৰ মোৰাঝাৰৰ বৰবালিত অৱসৰপ্ৰাপ্ত শিক্ষকক ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া ভাষণ প্ৰসংগত কয়৷’’
