মোৰাঝাৰঃ হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিলে জিলাখনৰ কুঁহিয়াৰ খেতিয়কে| জিলাখনৰ কে’বা শতাধিক কুঁহিয়াৰ কৃষকে জিলা সদৰ শংকৰদেৱ নগৰত প্ৰতিবাদী কাৰ্যসূচী পালনেৰে শীঘ্ৰে জিলাখনত বন্ধ হৈ থকা গুৰ বজাৰ মুকলি কৰি দিয়াৰ দাবী জনায়।
কৃষকসকলে শীঘ্ৰে হোজাই জিলাৰ গুৰৰ বজাৰসমূহ মুকলি কৰি দিবলৈ হোজাইৰ উপায়ুক্তক এক স্মাৰক-পত্ৰ প্ৰদান কৰি বিহিত ব্যৱস্থাৰ দাবী জনায়। ইয়াৰ অন্যথা অনাগত দিনত জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰে।