ছাদিকুজ জামান, মোৰাঝাৰঃ হোজাইত পাঠদান আৰু মধ্যাহ্ন ভোজনৰ অনিয়মক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এখন বিদ্যালয়ত। বিদ্যালয়খনলৈ অভিযোগ লৈ অহা অভিভাৱকে বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ অনুপস্থিত দেখি স্কুলৰ গে’টত আবদ্ধ কৰি প্ৰধান শিক্ষকসহ শিক্ষয়িত্ৰীক ৰাইজে  প্ৰশ্ন কৰে।

ইপিনে বস্তাই বস্তাই চাউল পচিবলৈ ধৰিছে যদিও ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান নধৰাত ক্ষোভ অভিভাৱকৰ। ইফালে এই দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ লৈ যোৱা অভিভাৱকলৈ শিক্ষক-শিক্ষয়িত্ৰীয়ে চোঁচা লোৱাত পৰিস্থিতি অধিক উত্তাল হৈ পৰে। ৰাজ্যৰ শিক্ষাখণ্ডত চলি থকা অৰাজক অনিয়মৰ জ্বলন্ত উদাহৰণ হৈছে হোজাই চহৰৰ মাজমজিয়া স্থিত আদৰ্শ বিদ্যা নিকেতন মধ্য ইংৰাজী বিদ্যালয়।

নামত আদৰ্শ কিন্তু কামত নাই কোনো আদৰ্শ। বিদ্যালয়খনৰ প্ৰকৃত ছবি দেখিলে বা শুনিলে আপোনাৰ চকু কপালত উঠিব। জানিব পৰা মতে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ১০০ জন। শিক্ষক আৰু শিক্ষয়িত্ৰী আছে ১০ গৰাকী। তাৰ পাছতো বিদ্যালয়খনত নহয় নিয়মীয়া পাঠদান।হোজাইৰ বিষ্ণুপল্লী আদৰ্শ বিদ্যালয়ত বৰ্তমানে বিৰাজ কৰা অৰাজক পৰিস্থিতিৰ বাবে অতিষ্ঠ হৈ মঙলবাৰে অভিভাৱকে সাব্যস্ত কৰে প্ৰতিবাদ।

লক্ষণীয় যে বিদ্যালয়তখনত অধ্যয়ন কৰা ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে বিভাগে নিয়োগ কৰা ১০ গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে যদিও তেওঁলোকৰ কৰ্মসংস্কৃতিৰ নমুনা দুৰ্ভাগ্যজনক। বিদ্যালয়খনৰ ছাৰ-বাইদেউসকলে মন গ’লে স্কুললৈ আহে নিজৰ মতে। ছাৰ-বাইদেউৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ আজি অভিভাৱকসকলে বিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰত শিক্ষকসকল আহি পোৱাৰ লগে উত্তেজিত ৰাইজে আবদ্ধ কৰি বিভিন্ন প্ৰশ্নবাণেৰে থকা-সৰকা কৰে।

'সময় মতে কিয় বিদ্যালয়লৈ নাহে?’ এয়া ৰাইজৰ প্ৰশ্ন। এতিয়াৰেপৰা ৯ বজাত বিদ্যালয়ত উপস্থিত হ’ব লাগিব বুলি ৰাইজে দাবী জনায়। উত্তেজিত ৰাইজক বিভিন্ন যুক্তিৰে বুজনি দিয়াৰ চেষ্টা কৰে শিক্ষক-শিক্ষয়িত্রীসকলে। আনকি শিক্ষকসকলে তৰ্কাতৰ্কিতো লিপ্ত হয়। 

অৱশেষত বহু সময় পাছত বিদ্যালয় চৌহদত প্ৰধান শিক্ষক প্ৰৱেশ কৰে। লগে লগে ৰাইজে এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে। প্ৰধান শিক্ষক কৃষ্ণপদ দত্তক বিভিন্ন প্ৰশ্ন কৰাত প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে ৰাইজলৈয়ো চোঁচা লোৱা দেখা যায়।

উল্লেখনীয় যে, বিদ্যালয়ৰ ৰান্ধনী ঘৰত দেখা গ’ল অপৰিষ্কাৰ পৰিৱেশ। ৰান্ধনীৰ মতে ২০১৯ বৰ্ষত মাত্ৰ ১০ দিন যোগান ধৰা হৈছে খাদ্য। এতিয়া প্ৰশ্ন হয় অনিয়মীয়া পাঠদান, শিক্ষক-শিক্ষয়িত্ৰীৰ অনিয়মীয়া উপস্থিতি, মধ‍্যাহ্ন ভোজন যোগান নধৰা এনেবোৰ কাৰ্যৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে প্ৰতিবাদ কৰাৰ পাছত গা লৰিবনে শীৰ্ষ বিষয়াৰ? নে এনেদৰে কৰ্তব্যত গাফিলতি কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিয়েই থাকিব এইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে?