ছাদিকুজ জামান, মোৰাঝাৰঃ হোজাইত পাঠদান আৰু মধ্যাহ্ন ভোজনৰ অনিয়মক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এখন বিদ্যালয়ত। বিদ্যালয়খনলৈ অভিযোগ লৈ অহা অভিভাৱকে বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ অনুপস্থিত দেখি স্কুলৰ গে’টত আবদ্ধ কৰি প্ৰধান শিক্ষকসহ শিক্ষয়িত্ৰীক ৰাইজে প্ৰশ্ন কৰে।
ইপিনে বস্তাই বস্তাই চাউল পচিবলৈ ধৰিছে যদিও ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান নধৰাত ক্ষোভ অভিভাৱকৰ। ইফালে এই দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ লৈ যোৱা অভিভাৱকলৈ শিক্ষক-শিক্ষয়িত্ৰীয়ে চোঁচা লোৱাত পৰিস্থিতি অধিক উত্তাল হৈ পৰে। ৰাজ্যৰ শিক্ষাখণ্ডত চলি থকা অৰাজক অনিয়মৰ জ্বলন্ত উদাহৰণ হৈছে হোজাই চহৰৰ মাজমজিয়া স্থিত আদৰ্শ বিদ্যা নিকেতন মধ্য ইংৰাজী বিদ্যালয়।