মোৰাঝাৰঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি অসমৰ বিভিন্ন প্ৰান্তত থকা গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজৰ মাজত ভোট দান সম্পৰ্কত সজাগতা বৃদ্ধিৰ বাবে আয়োজন কৰা সংকল্প সমাৰোহ যোৱা ২৭ মাৰ্চ তাৰিখে যমুনামুখ সমষ্টিৰ মোৰাঝাৰ, জয়নগৰ, চামৰালি, অকচেক পথাৰ, আমবাৰী আদি গাঁও পঞ্চায়তৰ লগতে যমুনামুখ গাওঁ পঞ্চায়ততো, "আপোনাৰ ভোটৰ গুৰুত্ব অসীম ই এক নিৰ্ণায়ক ভূমিকা পালন কৰে।
‘দায়িত্ব সহকাৰে ভোট দিয়ক। একে লগে আমি এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰো আগুৱাই আহক ভোট দিয়ক’ এনেদৰে কাৰ্যসূচীৰ সংকল্পৰে আয়োজন কৰা হয় এখন সমাৰোহ৷
যমুনামুখ গাঁও পঞ্চায়তৰ কাৰ্য্যালয় প্ৰাংগনত আয়োজন কৰা সংকল্প সমাৰোহখনত উপস্থিত থাকে পঞ্চায়ত সচিব বনমালি দে, পঞ্চায়ত সভানেত্ৰী নিলীমা চৌধুৰী, গাঁও পঞ্চায়তৰ সদস্য-সদস্যা, সমাজকৰ্মী দিলীপ বৰা, সাংবাদিক সুব্ৰত সৰকাৰ৷ সভাত সচিব বনমালি দেয়ে নিজ মন্তব্যত ভোটাৰ সকলে কেনেকৈ ভোট দান কৰিব লাগিব, ভোট দানৰ সময়ত ভোটাৰে কাৰো প্ৰৰোচলনাত নপৰি বিবেক ভোট দিবৰ বাবে আহব্বান জনায়৷
তাৰোপৰি নিৰ্বাচন আয়োগে ভোটাৰ সকলে কিহৰ বাবে সঠিক ভোট দান কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদান কৰা সা- সুবিধা সমূহ আৰু স্বচ্ছ-নিকা ভোটদানৰ বাবে নিৰ্বাচন বিভাগে প্ৰদান কৰা ওৱেবচাইটৰ বিষয়েও ভোটাৰ ৰাইজক বুজাই দিয়ে৷