ছাদিকুজ জামান, মোৰাঝাৰঃ মঙলবাৰে হোজাইৰ মোৰাঝাৰত অবৈধ কাঠ ফলা মিলত বন বিভাগে অভিযান চলাই কাঠফলা মেচিন, এটা ইঞ্জিনসহ বহু মূল্যৱান টকাৰ অবৈধ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে৷

জানিব পৰা মতে মোৰাঝাৰৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি চলিছিল এই অবৈধ কাঠৰ বেহা। আজি ৰাতিপুৱাৰে পৰা হোজাই জিলাৰ বিভিন্ন সংগঠন কৰ্মীৰ সহযোগত হোজাই বন বিভাগ, মোৰাঝাৰ আৰক্ষী আৰু কাকী আৰক্ষীৰ সহযোগত চলোৱা হয় এই অভিযান।

এই অভিযানত জব্দ কৰা হয় অবৈধ কাঠ ফলা মিলত ব্যৱহৃত এটা ইঞ্জিন আৰু মূল্যবান কাঠ। কৰৈয়নী গাঁৱৰ জাকিৰ হুছেইনৰ ঘৰৰপৰা জব্দ কৰা হয় এটা ইঞ্জিন আৰু বহু মূল্যবান কাঠ। লগতে হোজাই জিলাত চলি থকা বহুকেইখন অবৈধ কাঠ মিলৰপৰা জব্দ কৰা হয় মূল্যবান কাঠ। 

হোজাই জিলা বন বিভাগে আজি উৎসাত কৰিবলৈ সক্ষম হয় এই অবৈধ কাঠ মিলৰ সামগ্ৰীসমূহ৷ উল্লেখ্য যে, জিলা বন বিভাগে অতি কৌশলেৰে এই মিলকেইটা উৎখাত কৰি কাঠফলা যন্ত্ৰসমূহ জব্দ কৰে। অৱশ্যে, বনবিভাগে এই চোৰাং কাঠ ব্যৱসায়ী কেইজনৰ এজনো ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহ’ল।