newsnextone.com | মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত ফুলক লৈ কৌতুহলৰ সৃষ্টি হয়৷ মোৰাঝাৰৰ চামৰালী বজাৰস্থিত চিতলমাৰীত কেইদিনমান পূৰ্বে এগৰাকী লোকৰ বাৰীত মাটি ফুটি ওলাই এবিধ ফুল৷ কোনো গছ-লতা নথকাকৈ মাটি ফুটি ফুল ওলোৱাৰ খবৰে কৌতুহলৰ সৃষ্টি কৰে৷
দেখাত ধুনীয়া ফুলবিধৰ নাম এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই যদিও বহু লোকে ফুল সমূহ চাবলৈ হেতা-ওপৰা লগোৱা পৰিলক্ষিত হয়৷ কিন্তু ফুলসমূহ হঠাৎ নাইকিয়া হোৱাৰ খবৰ ওলায় শনিবাৰে৷ নাইকীয়া হোৱাৰ লগতে সমীপৰ এডাল গছত প্ৰায় ২০/৩০ ফুট ওপৰলৈ জুই জ্বলিবলৈ ধৰে৷