মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত পথ নিৰ্মাণৰ দাবীত আজি ভিন্ন দল-সংগঠনে ৷ এটি পথ নিৰ্মাণৰ দাবীত ৰাইজে আবেদন জনাই আহিছিল যদিও ইউ ডি এফ প্ৰধান বদৰ উদ্দিন আজমলৰ তনয় তথা বিধায়ক আব্দুৰ ৰহিম আজমলে গুৰুত্ব আৰোপ নকৰাত আজি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷
সোমবাৰে দিনৰ ১০ বজাত মোৰাঝাৰত নীলবাগান-দেৱস্থান গড়কাপ্তানী পথ নিৰ্মাণৰ দাবীত ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। স্থানীয় আমছু, এন এছ ইউ আই, কৃষক মুক্তি সংগ্ৰাম সমিতি, যুৱ-ছাত্ৰ ঐক্য মঞ্চ, ড্ৰাইভাৰ ইউনিয়ন, কৃষক সমাজ আদি দল সংগঠনৰ আহ্বানত ৰাইজে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। শ শ লোকে বিধায়ক আজমল আৰু সৰ্বা চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।