ছাদিকুজ জামান, মোৰাঝাৰঃ অপৰাধীৰ ৰাম্যভূমিত পৰিণত হৈছে হোজাই জিলাৰ মোৰাঝাৰৰ চামৰআলি অঞ্চল। এটাৰ পাছত আনটো জঘন্য হত্যাকাণ্ডই জোকাৰি যোৱা চামৰআলিত পুনৰ এগৰাকী তিনি সন্তানৰ মাতৃক স্বামী পৰিয়ালে বিষ পান কৰোৱাৰ দৰে ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
এই ভয়ংকৰ অভিযোগ উঠিছে পূব চামৰআলি গাঁৱৰ হিলাল উদ্দিনৰ পৰিয়ালৰ বিৰুদ্ধে। কিছুদিন পূৰ্বে আঠ বছৰীয়া এটি কিশোৰ হত্যাৰ ঘটনাই জোকাৰিছিল সমগ্ৰ অঞ্চল। ইয়াৰ পূৰ্বেও দুজন ব্যক্তিক জীৱিত অৱস্থাত গাত জ্বই লগাই হত্যা কৰিছিল দুষ্ট চক্ৰই।