43
বোকাজানঃ বোকাজান নগৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল ঘঁৰিয়ালডুবিত আজি পুৱতি নিশা হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নৱ গগৈৰ মৃতদেহ আজি পুৱতি নিশা ঘঁৰিয়ালডুবিস্থিত নিজ বাসভৱন চৌহদৰ পিছফালে আত্মীয়ই প্ৰত্যক্ষ কৰি পৰিয়ালক খবৰ দিয়ে৷