74
কামপুৰঃ এইবাৰ পত্নীৰ দাৰ ঘাপত প্ৰাণ গ’ল স্বামীৰ৷ নগাঁও জিলাৰ কচুৱাৰ চিতলমাৰী বৰবিল অঞ্চলত সংঘটিত হয় এই ঘটনা। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গীতা গুৰুং নামৰ মহিলা গৰাকীৰ দাৰ ঘাপত প্ৰাণ হেৰুৱাই স্বামী সঞ্জীৱ গুৰুঙে।
জানিব পৰা মতে, স্বামী-স্ত্ৰীৰ মাজত প্ৰায়ে সাধাৰণ কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈ আহিছিল৷ মঙলবাৰে নিশাও দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডা লগাত সঞ্জীৱে হত্যা কৰাৰ ভাবুকি দিছিল পত্নী গীতাক।