newsnextone.com | টীয়কঃ যোৰহাট জিলাৰ টীয়কৰ মেলেংত শুকুৰবাৰে নিশা সামান্য কথাটে বন্ধুৱে বন্ধুক ৰ’ডেৰে মৰিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, সুভাষ দে, প্ৰণৱ হাতীবৰুৱা আৰু মনোৰঞ্জন হাতীবৰুৱা নামৰ যুৱক তিনিজনে সামান্য কথাতে দেৱ বুঢ়াগোহাঁই নামৰ যুৱকজনক মৰিয়াই হত্যা কৰে। 

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেলেং তিনি আলিত সংঘটিত এই ঘটনাত লাহদৈগড় আৰক্ষী উপস্থিত হৈ দেৱ বুঢ়াগোহাঁইক ১০৮ সেৱাৰ যোগেদি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ 

আৰক্ষীয়ে তৎপৰতাৰে ঘটনাত জড়িত মুৱক তিনিজনক নিশাই গ্ৰেপ্তাৰ কৰে। আনহাতে, দোষীক ৰাইজৰ হাতত গটাই দিয়া দাবীৰে নিশা লাহদৈগড় আৰক্ষী চকীত এক উতপ্ত পৰিস্থিতি সৃষ্টি হয়। হত্যাৰ বলি হোৱা যুৱক জন এজন এপেৰ চালক আছিল বুলি জানিব পৰা গৈছে৷