কামপুৰঃ নৃশংস হত্যাকাণ্ডই কপাই গ’ল নগাঁও-কাৰ্বি আংলং সীমান্ত৷ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তবৰ্তী মাইচাম গাঁৱত মদৰ ৰাগিত মাতাল বিয়ৈয়ে চোকা অস্ত্ৰৰে বিয়ৈনীক আক্ৰমণ কৰাত মৃত্যু হোৱাৰ খবৰে অঞ্চলেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মাইচাম গাঁৱৰ অৰ্জুন দাস নামৰ লোকজনে নিতৌ মদ্যপান কৰি ঘৰলৈ আহে পত্নীৰে কাজিয়াত লিপ্ত হয়৷ জানিব পৰা মতে, মঙলবাৰে নিশাও অৰ্জুন দাসে অত্যাধিক মদ্যপান কৰি ঘৰলৈ আহে৷ মদ্যপান কৰি আহি পত্নী সৈতে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয়৷