চিৰাংঃ বিশ্বৰ আগশাৰীৰ দেশৰ সৈতে ফেৰ মাৰিবলৈ ভাৰত চৰকাৰে নানান আঁচনি ৰূপায়ন কৰি আহিছে৷ দেশৰ সকলো ব্যৱস্থা ডিজিটেল কৰিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰখাৰ সময়তে দেশত নিতৌ সংঘটিত ঘটনা প্ৰবাহে এনে আঁচনি সমূহক যেন ইতিকিং হে কৰে৷ চৰকাৰে দেশৰ জনসাধৰণৰ কল্যাণ সাধনৰ বাবে চেষ্টা কৰাৰ বিপৰীতে একাংশ লোকৰ কৰ্মকাণ্ডই দেশ খনক পিছলৈ হে নিয়াৰ দৰে হৈছে৷ মুঠৰ ওপৰত মানুহৰ মন মগজু সলনি হোৱা নাই৷ মানুহৰ মনবোৰ-মগজু ডিজিটেল হ’বলৈ যেন বহু বাকি আছে৷ 

যোৱা কেইবাটাও দিনত দেশত সংঘটিত লজ্জাজনক ধৰ্ষণ কাণ্ডই দেশ কঁপাই থকাৰ সময়তে অসমত ২৪ ঘণ্টাৰ ভিতৰত সংঘটিত হৈছে দুটাকৈ ডাইনীৰ সন্দেহত আক্ৰমণৰ ঘটনা৷ ৰাজ্যৰ প্ৰশাসনে অন্ধবিশ্বাস নিৰ্মূলৰ চেষ্টা চলাই থকাৰ সময়তে অন্ধবিশ্বাসৰ বশবৰ্তী হৈ খোদ আৰক্ষী জোৱানে বাক্সা জিলাৰ ডুমুনী চাহ বাগিচাত ডাইনীৰ সন্দেহত বৃদ্ধাক আক্ৰমণ কৰে৷ শুকুৰবাৰে বাগিচা খনৰ ৫ নং লাইনত আৰক্ষীৰ জোৱানে এগৰাকী বৃদ্ধাক ডাইনী সন্দেহত আক্ৰমণ চলোৱাৰ ফলত বৃদ্ধাগৰাকী আহত হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই তদ্ৰুপ ঘটনা সংঘটিত হ’ল চিৰাং জিলাত৷

চিৰাং জিলাৰ ৰুনিখাতা আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ খুংগ্ৰীং দক্ষিণগাঁৱত ডাইনীৰ সন্দেহত এগৰাকী লোকক নিৰ্মম ভাবে প্ৰহাৰ কৰি হত্যা কৰে৷ অন্ধ বিশ্বাসৰ বলি হৈ ডাইনী সন্দেহত নিৰ্মম ভাৱে হানিখুচি হত্যা কৰে শৰৎ নাৰ্জাৰী নামৰ লোকজনক খুংগ্ৰীং দক্ষিণগাঁৱৰ একাংশ লোকে। 

২৪ ঘণ্টাৰ ভিতৰত দুটা কৈ এনে কাণ্ড সংঘটিত হোৱাত পুনৰ লজ্জানত কৰে সভা সমাজক৷ একমাত্ৰ কুসংস্কাৰ, অন্ধবিশ্বাসৰ পৰিণতিতে সংঘটিত হোৱা ডাইনী কাণ্ডৰ বাবেই হত্যাৰ বলি হ'ল এগৰাকী লোক৷ সভ্য সমাজক কলংকিত কৰা ডাইনী কাণ্ড আকৌ সংঘটিত হ’ব ধৰিলে এই খন অসমত৷ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ নেতাই বোল ছবিত অভিনয় কৰি ডাইনী কাণ্ডৰ বিৰুদ্ধে সমাজক মেচেজ দিয়াৰ পিছতো পুনৰ ডাইনী কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যত৷ 

একৈশ শতিকাত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ আমুল উত্তৰণৰ সময়তে এচাম অন্ধবিশ্বাসী লোকে ডাইনী সন্দেহত চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত শৰৎ নাৰ্জাৰীক হত্যা কৰাৰ ঘটনাই প্ৰকৃততে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কিয়নো শৰৎ নাৰ্জাৰীক শ্মশানত পুৰি ছাঁই হোৱা লোকক জীয়াই তুলিব নোৱাৰাৰ ফলত হানি খুচি হত্যা কৰে৷

জানিব পৰা মতে, ১৯ এপ্ৰিলত গাঁওখনৰ ছেমছাং ৱেৰী নামৰ লোকজনৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। মৃত্যুৰ পিছত ছেমছাং নামৰ লোকজনক ৰাইজে শ্মশানলৈ নি সৎকাৰ কৰে৷ ছেমছাঙক সৎকাৰ কৰি অহাৰ পিছতে তেওঁৰ পত্নী ৰেবেকা ৱেৰীৰ গাত ভূতে লম্ভা বুলি কয়৷ তাৰ লগে লগে ভূতে লম্ভা ছেমছাঙৰ পত্নীয়ে বিশেষ ক্ষমতা লাভ কৰি স্বামীৰ মৃত্যুৰ বাবে গাঁওখনৰ শৰৎ নাৰ্জাৰীক জগৰীয়া কৰে। 

শৰৎ নাৰ্জাৰীয়ে তন্ত্ৰ-মন্ত্ৰ কৰি ছেমছাংক হত্যা কৰাৰ সন্দেহ কৰা হয়৷ তাৰপিচতে গাঁওবুঢ়া সহ কেইবাজনো লোকে কোবাই কোবাই শৰৎ নাৰ্জাৰীক ছেমছাঙক সৎকাৰ কৰা শ্মশান খনলৈ লৈ যায় আৰু ছেমছাঙক জীয়াই তুলিবলৈ কয়। পুৰি ছাঁই হোৱা ছেমছাংক জীয়াই তুলিব নোৱাৰাৰ বাবে কেইবাজনো লোকে হানি-খুচি শ্মশানতে হত্যা কৰে শৰৎ নাৰ্জাৰীক। 

শৰৎ নাৰ্জাৰী (৪৮)ওৰফে মাইব্ৰাক ডাইনী বুলি সন্দেহ কৰে আৰু ছেমছাংক ডাইনী হৈ মাৰি পেলোৱাৰ সন্দেহ কৰে। নিশা শৰৎ নাৰ্জাৰীক গাঁওবুঢ়া প্ৰশেনজিত বৰগয়াৰীৰ নেতৃত্বত কোবাই কোবাই শ্মশানলৈ লৈ যােৱাৰ অভিযোগ উত্থাপন কৰে শৰতৰ পুত্ৰই৷ শৰৎ নাৰ্জাৰীৰ শ্মশানতে মৃত্যু হৈছিল যদিও আৰক্ষীয়ে উদ্ধাৰ কৰি কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। 

শৰৎ নাৰ্জাৰীৰ পুত্ৰ ৰিজৌম নাৰ্জাৰীয়ে ৰুনিখাতা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ৰুনিখাতা আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ১২০(ডি)/৪৪৮/৩৬৪/৩০২/৩৪ ধৰাত ২২/১৮ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে ইতিমধ্যে সৌম্বলা বৰগয়াৰী (২৪), অখিল বসুমতাৰী (২০), হকে বৰগয়াৰী(৪২) গাঁওবুঢ়া প্ৰসেনজিত বৰগয়াৰী(৪৩), ৰেবেক্কা ৱেৰী (২৭), মকেন ৱেৰী (২২) আৰু কাশিৰাম বৰগয়াৰীক (৫৩) গ্ৰেপ্তাৰ কৰে। 

ইফালে চিৰাং জিলা সদৰ উপ-আৰক্ষী অধীক্ষক মানস শইকীয়া, ৰুনিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ নাৰ্জাৰী সহ কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ভৱিষ্যতে অন্ধবিশ্বাসৰ বলি হৈ অইন কোনো লোকৰ মৃত্যু হ’ব লগীয়া নহয় তাৰ বাবে অপৰাধিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে আৰক্ষীয়ে। ঘটনাক গৰিহণা দিয়ে চিৰাং জিলা এবছুৱে। দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাই চিৰাং জিলা এবছুৰ সভাপতি খনিন বসুমতাৰীয়ে৷