চিৰাংঃ বিশ্বৰ আগশাৰীৰ দেশৰ সৈতে ফেৰ মাৰিবলৈ ভাৰত চৰকাৰে নানান আঁচনি ৰূপায়ন কৰি আহিছে৷ দেশৰ সকলো ব্যৱস্থা ডিজিটেল কৰিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰখাৰ সময়তে দেশত নিতৌ সংঘটিত ঘটনা প্ৰবাহে এনে আঁচনি সমূহক যেন ইতিকিং হে কৰে৷ চৰকাৰে দেশৰ জনসাধৰণৰ কল্যাণ সাধনৰ বাবে চেষ্টা কৰাৰ বিপৰীতে একাংশ লোকৰ কৰ্মকাণ্ডই দেশ খনক পিছলৈ হে নিয়াৰ দৰে হৈছে৷ মুঠৰ ওপৰত মানুহৰ মন মগজু সলনি হোৱা নাই৷ মানুহৰ মনবোৰ-মগজু ডিজিটেল হ’বলৈ যেন বহু বাকি আছে৷
যোৱা কেইবাটাও দিনত দেশত সংঘটিত লজ্জাজনক ধৰ্ষণ কাণ্ডই দেশ কঁপাই থকাৰ সময়তে অসমত ২৪ ঘণ্টাৰ ভিতৰত সংঘটিত হৈছে দুটাকৈ ডাইনীৰ সন্দেহত আক্ৰমণৰ ঘটনা৷ ৰাজ্যৰ প্ৰশাসনে অন্ধবিশ্বাস নিৰ্মূলৰ চেষ্টা চলাই থকাৰ সময়তে অন্ধবিশ্বাসৰ বশবৰ্তী হৈ খোদ আৰক্ষী জোৱানে বাক্সা জিলাৰ ডুমুনী চাহ বাগিচাত ডাইনীৰ সন্দেহত বৃদ্ধাক আক্ৰমণ কৰে৷ শুকুৰবাৰে বাগিচা খনৰ ৫ নং লাইনত আৰক্ষীৰ জোৱানে এগৰাকী বৃদ্ধাক ডাইনী সন্দেহত আক্ৰমণ চলোৱাৰ ফলত বৃদ্ধাগৰাকী আহত হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই তদ্ৰুপ ঘটনা সংঘটিত হ’ল চিৰাং জিলাত৷