newsnextone.com | গুৱাহাটীঃ ৰাজ্যত আকৌ চালক হত্যা৷ এইবাৰ বঙাইগাঁৱত চালকক হত্যা কৰি গাড়ী লৈ উধাও হয় তিনিজন যুৱক৷ এখন পথাৰত শনিবাৰে পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে গাড়ী চালকজনৰ মৃতদেহ। চালকজন দৰং জিলাৰ মঙলদৈৰ মোল্লাপাৰাৰ ৰহমাতুল্লা আলী বুলি চিনাক্ত কৰা হৈছে৷
জানিব পৰা মতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদৰ পৰা তিনিজন যুৱকে ৰহমাতুল্লা আলীৰ অল্ট গাড়ী খন বঙাইগাঁৱলৈ ভাড়া কৰি নিছিল দুদিন পূৰ্বে৷ তাৰ পিছতে চালকজনৰ মোবাইল বন্ধ থকাৰ লগতে ঘৰৰ লোকৰ সৈতে যোগাযোগ কৰা নাছিল৷ শনিবাৰে অসম-পশ্চিম বংগ সীমান্তত এএছ-১৩-ডি-৫৯২২ নম্বৰৰ গাড়ী সহ তিনিজন যুৱক ধৰা পৰে৷