চিৰাংঃ মানৱতাত লজ্জানত কৰি একমাত্ৰ কুসংস্কাৰ, অন্ধবিশ্বাসৰ পৰিণতিতে সংঘটিত হোৱা ডাইনী কাণ্ডৰ বাবেই হত্যাৰ বলি হ’ল এগৰাকী এমা-ডিমা সন্তানৰ মাতৃ৷ সভ্য সমাজক কলংকিত কৰা ডাইনী কাণ্ড আকৌ সংঘটিত হ’ল এই খন অসমত৷ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ নেতাই বোল ছবিত অভিনয় কৰি ডাইনী কাণ্ডৰ বিৰুদ্ধে সমাজক মেচেজ দিয়াৰ পিছতো পুনৰ ডাইনী কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷
একৈশ শতিকাত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ আমুল উত্তৰণৰ সময়তে এচাম অন্ধবিশ্বাসী লোকে ডাইনী সন্দেহত চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত শান্তিপুৰৰ মোলানডুবিত৷ এগৰাকী মহিলাক হত্যা নিৰ্মমভাৱে ডেগাৰেৰে আক্ৰমণ কৰি হত্যা কৰে একাংশ লোকে৷ সোমবাৰে নিশা ১২ বজাত সংঘটিত হয় এই নিৰ্মম কাণ্ড। অভিযোগ উত্থাপন হোৱা মতে, ডাইনী সজাই ৫ সন্তানৰ মাতৃ বামুন্সি বসুমতাৰীক নিৰ্মম ভাৱে হানি খুচি হত্যা কৰে গাঁও খনৰে কেইজনমান লোকে।