ডিব্ৰুগড়ঃ তিনিচুকীয়া-ডিব্ৰুগড় জিলাৰ সীমান্তৰ জলপনীয়া চাহ বাগিচাৰ নলাত ৬ জানুৱৰীৰ কাহিলী পুৱাতে এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল অঞ্চলটোত৷ স্থানীয় একাংশ লোকে পুৱাই মৃতদেহটো নলাত পৰি থকা প্ৰত্যক্ষ কৰাত হাহাকাৰ লাগে বাগিচা খনত৷ তিনিচুকীয়া সদৰ অাৰক্ষী থানাৰ অধিনৰ পানীতোলা অাৰক্ষী চকীৰ অন্তৰ্গত চাহ বাগিচা খনত উদ্ধাৰ হোৱা মৃতদেহটো চাবুৱাৰ চেতিয়া পথাৰ গাঁৱৰ বিনোদ ফুকন (৪৫) বুলি চিনাক্ত কৰিছিল আৰক্ষীয়ে৷
মৃতদেহত আঘাতৰ চিন আৰু তেজৰ চেকুৰা লাগি থকাত দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছিল ৰাইজে৷ অাৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছিল৷ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালেও সন্দেহ কৰিছিল হত্যা কৰা বুলি। আৰক্ষীয়ে গোপনে চলোৱা তদন্তই ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হয়৷ ৰাইজ, পৰিয়ালে সন্দেহ কৰাৰ দৰেই বিনোদক হত্যা কৰিছিল তিনি জন লোকে মিলি৷