50
চতিয়াঃ চতিয়াৰ ভোজমাৰীত এজন লোকক গুলীয়াই হত্যা কৰাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বুধবাৰে চতিয়াৰ ভোজমাৰীৰ আমিৰ ইছলাম ওৰফে হাফ পগলা(৩৫) নামৰ এজন লোকক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। আনফালে এই হত্যাকাণ্ড গঁড় চিকাৰক কেন্দ্ৰ কৰিয়েই সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, এসময়ত গঁড় চিকাৰৰ লগত জড়িত আলিজুৰে শেহতীয়াকৈ আৰক্ষী আৰু বন বিভাগক চোৰাংচোৱা হিচাপে সহায় কৰি আহিছিল বুলি জানিব পৰা গৈছে।