newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ভেলাপাৰাত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। স্বামীৰ হাতত প্ৰাণ গ'ল দুৰ্ভগীয়া পত্নীৰ। নিশা প্ৰায় ২.৩০ বজাত ৰৌতাৰ ভেলাপাৰাত সত্য নাৰায়ণ কুল(৪৭) নামৰ এজন লোকে তেওঁৰ পত্নী মঞ্জু কুলক (৩৫) কুঠাৰেৰে ঘপিয়াই হত্যা কৰে। 

ইয়াৰ পাছত হত্যাকাৰী স্বামীয়ে ৰৌতা আৰক্ষী থানাত কুঠাৰসহ আত্মসমৰ্পন কৰে। পাছত ৰৌতা আৰক্ষীয়ে স্বামী সত্যনাৰায়ণ কোলক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত হোৱা স্থানত উপস্থিত হৈ মঞ্জু কুলৰ মৃতদেহট উদ্ধাৰ কৰে। 

মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰী সত্য নাৰায়ণ কোলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি ওদালগুৰি আদালতত হাজিৰ কৰে। 

এই নৃশংস ঘটনাটোক লৈ সমগ্ৰ ৰৌতা অঞ্চলতে শোকৰ ছাঁ পৰাৰ লগতে চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰৌতা আৰক্ষীয়ে পৰিস্থিতি শান্ত থকাৰ কথা সাংবাদিকক অৱগত কৰে। পৰিয়াল সংঘটিত কাজিয়াৰ বাবে উক্ত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷