newsnextone.com | ডিজিটেল ডেস্কঃ দেশত আজিও অব্যাহত আছে মুছলমান, আদিবাসী, দলিতৰ ওপৰত আক্ৰমণ৷ মুছলমান, আদিবাসী, দলিতৰ আক্ৰমণকাৰীক সকীয়াই লাগিলে মোকে মাৰক বুলি কৈছিল মোডীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনে হিংসাত লিপ্ত লোকসকলক বাৰে বাৰে সকীয়নি দি আহিছে যদিও এনে হিংসা ৰোধ হোৱাৰ নামেই লোৱা নাই দেশত৷
এটাৰ পিছত এটা এনে ঘটনা সংঘটিত হৈ গৈছে৷ এইবাৰ গো-মাংস বিক্ৰী কৰাৰ সন্দেহত আক্ৰমণ কৰাত এজন লোকৰ মৃত্যু হয় মধ্যপ্ৰদেশত৷ বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ সাতনা জিলাৰ আমগাৰা নামৰ গাঁৱত এই ঘটনা সংঘটিত হয়৷
৪৫ বছৰীয়া ৰিয়াজ খান আৰু তেওঁৰ বন্ধুক একাংশ লোকে আক্ৰমণ কৰে৷ ৰিয়াজ খানৰ মৃত্যু হয় যদিও বন্ধু চাকিল সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে জব্বলপুৰ চিকিৎসা মহাবিদ্যালয়ত৷ আন কেইবাজনো লোকে আক্ৰমণস্থলিৰ পৰা পালয়ন কৰি নিজক ৰক্ষা কৰে৷
কাইমোৰ নামৰ ঠাইৰ পৰা গৰু লৈ আহি থকা অৱস্থাত মাংসৰ ব্যৱসায়ী বুলি সন্দেহ কৰি কেইবাজনো লোকে মাৰধৰ কৰে৷ ফলত এজনৰ মৃত্যু হয় আৰু কেইবাজন লোক পলাই সাৰে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ এতিয়ালৈ আমগাৰা নামৰ গাঁৱৰ পৰা ৪ জন লোকক আটক কৰে আৰক্ষীয়ে৷