নতুন দিল্লীঃ সমগ্ৰ বিশ্বৰ লগতে আজি ভাৰততো পালন কৰা হৈছে ইছলাম ধৰ্মাৱলম্বী সকলৰ পৱিত্ৰ ঈদ। এমাহৰ জোৰা ৰোজাৰ অন্তত আয়োজিত ঈদৰ দিনাই কেন্দ্ৰীয় চৰকাৰীৰে দেশৰ মুছলমান শিক্ষাৰ্থী সকলৰ বাবে ঘোষণা কৰিছে এক বিশেষ উপহাৰ। মুছলমান ছাত্ৰ-ছাত্ৰী সকলক
শিক্ষাৰ দিশত আগবঢ়াই নিয়াৰ বাবে ঘোষণা কৰাৰ এই উপহাৰত আছে "প্ৰধানমন্ত্ৰীৰ ছাত্ৰ বৃত্তি"।
উল্লেখ্য যে, কেন্দ্ৰীয় সংখ্যা লঘু পৰিক্ৰমাৰ মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে ঘোষণা কৰাৰ অনুসৰি অহা পাঁচ বছৰ দেশৰ পাঁচকোটি মুছলমান শিক্ষাৰ্থীক প্ৰদান কৰা হব "প্ৰধানমন্ত্ৰী ছাত্ৰ বৃত্তি"। তাৰ ভিতৰত ৫০ শতাংশ মুছলমান ছাত্ৰী সকলৰ বাবে সংৰক্ষিত থাকিব। লগতে বৃত্তি লাভ কৰাৰ বাবে ইয়াৰ আৱেদন প্ৰক্ৰিয়াৰ সহজ সৰল কৰি তোলা হ’ব। এই বৃত্তিৰে মুছলমান সমাজৰ ছাত্ৰী-ছাত্ৰী সকলক শিক্ষাৰ গ্ৰহণৰ প্ৰতি আকৰ্ষিত কৰি তুলিব। বিশেষকৈ ৫০ শতাংশ ছাত্ৰীৰ বাবে সংৰক্ষিত থকাৰ মূলতে হ’ল মুছলমান সমাজৰ ছাত্ৰীসকলক শিক্ষাৰ গ্ৰহণৰ প্ৰতি উৎসাহিত কৰা।
আনহাতে মন্ত্ৰীগৰাকীয় কয় যে এই পাঁচ বছৰ বিশ্বাসৰ পথত বিকাশৰ গাড়ী দ্ৰুত গতিত পৰিচালিত কৰোৱাটোৱে আমাৰ মূল লক্ষ্য। সমাজৰ প্ৰতিগৰাকীৰ নাগৰিকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধিৰ কঢ়িয়াই আনিবলৈ বিশ্বাসৰ পথত এতিয়া নাথাকিব কোনো স্পীদ ব্ৰেকাৰ।
ইয়াৰ উপৰিও মুছলমান ছাত্ৰী সকলক শিক্ষাত উৎসাহ যোগোৱা বাবে অতি সোনকালে আৰম্ভ হব "পঢ়ো-বঢ়ো" নামৰ এক অভিযান প্ৰস্তুত কৰি উলিয়াওৱাৰ বিষয়েও ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷