59
তুলসীবাৰীঃ ৰাজপথেৰে আহি থকা হিন্দু ধৰ্মাৱলম্বী ব’ল বম ভক্তক মিঠাই খুৱালে মুছলমান যুৱকে৷ ধৰ্মীয় উৎসৱ ব’ল বমত অংশগ্ৰহণ কৰাৰ বাবে ৰঙিয়াৰ তুলসীবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা এটি যুৱকৰ দলক মিঠাই খুৱাই শুভেচ্ছা যাচে মুছলমান যুৱকে৷
আজি ৰঙিয়াত দেগা গ’ল সম্প্ৰীতিৰ এই অনন্যা দৃশ্য। ৰঙিয়াৰ তুলসীবাৰীৰ পৰা বাবা বৈকুণ্ঠ ধামলৈ যাত্রা আৰম্ভ কৰা যুৱ ভক্তসকলক যাত্রা আৰম্ভৰ প্ৰাকক্ষণত একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে মিঠাই খুৱাই শুভেচ্ছা জ্ঞাপন কৰে।