ডিমা হাচাওঃ ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে মাইবং কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিলে চৰকাৰে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত ডিমা হাচাও জিলা প্ৰশাসনে তদন্ত ঘোষণা কৰিবলৈ বাধ্য হয়৷ ডিমা হাচাও জিলা প্ৰশাসনে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ দণ্ডাধীশ ৰঞ্জিত কুমাৰ লস্কৰক সমস্ত ঘটনাৰ তদন্তৰ দায়িত্ব দিয়ে।
ইতিমধ্যে প্ৰশাসনে তদন্তৰ বাবে সাজু হৈছে যদিও শনিবাৰৰ পৰা মাইবং মহকুমাধিপতিৰ কাৰ্যালয়ত সাক্ষ্যদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব। দণ্ডাধীশ ৰঞ্জিত কুমাৰ লস্কৰে ৭ দিনৰ ভিতৰত জিলা দণ্ডাধীশক প্ৰতিবেদন দাখিল কৰিবল লাগিব৷ ডিমা হাচাওৰ মাইবংত সংঘটিত ঘটনাৰ বিৰুদ্ধে কেইবাটাও সংগঠনে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷