গুৱাহাটীঃ তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কুজু পথাৰত সেনা-আৰক্ষী আৰু চিআৰপিএফৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা আলফাৰ দলটোৱে ৯ এক্স ৰাইফেলেৰ সুসজ্জিত আছিল৷ অনুমান কৰা মতে সন্ত্ৰাসবাদীৰ মূৰৰ কামোৰণী হৈ পৰিছিল বিষয়া ভাস্কৰ৷ যাৰ বাবে হয়তো ভাস্কৰক টাৰ্গেট কৰি লৈছিল সন্ত্ৰাসবাদীয়ে৷ অভিযানত সেনা, চিআৰপিএফ আৰু আৰক্ষীৰ জোৱান আছিল যদিও কিন্তু আৰক্ষী বিষয়াগৰাকীৰ দেহতহে ৯টাকৈ গুলী লগাত তেনে সন্দেহ কৰা হৈছে৷
জানিব পৰা মতে, বিষয়াগৰাকীয়ে বাৰে বাৰে ওপৰৱালা বিষয়াক তেওঁ যে টাৰ্গেট হ’ব পাৰে সেই কথা জানাইছিল বুলি জানিব পৰা যায়৷ যাৰ বাবে তেও বাৰে বাৰে তাৰ বদলি কৰাৰ দাবী জনাইছিল৷ কিন্তু পৰিয়ালৰ অভিযোগ মতে বিষয়াগৰাকীৰ সেই দাবী মানি লোৱা নাছিল উচ্চ পদস্থ বিষয়াই৷ ইফালে জিলা খনত প্ৰায়ে সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱাত বৰডুমচা অঞ্চলৰ আইন-শৃখলা দিশ সাহসিকতাৰে পৰিচালনা কৰি আছিল ভাস্কৰে৷ বিষয়াগৰাকীৰ এই সাহসীকতাৰ উচ্চ পদস্থ বিষয়াই সুযোগ গ্ৰহণ কৰিছিল নেকি তাক লৈও আৰম্ভ হৈছে প্ৰশ্ন৷