কোকৰাঝাৰঃ ৰাজ্যপাল শাসনক লৈ বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীকে ধৰি বিপিএফৰ প্ৰায় প্ৰতিগৰাকী নেতাই তীব্ৰ বিষেদগাৰ কৰি অহাৰ সময়তে আজি বিটিচি সচিবালয়ত উপস্থিত হৈ বিটিচিৰ নৱনিযুক্ত প্ৰশাসক ৰাজেশ প্ৰসাদক সাক্ষাৎ কৰে। ইয়াৰ পিছতে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰি জিলা উপায়ুক্তৰ সৈতে ক’ভিড ১৯ আৰু নিৰ্বাচন সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে।
জিলা উপায়ুক্তৰ সৈতে অনুষ্ঠিত হোৱা আলোচনাৰ অন্তত সাংসদ নৱ কুমাৰ শৰণীয়াই সংবাদমাধ্যমৰ আগত বিটিচিত ৰাজ্যপাল শাসন প্ৰৱৰ্তনক সমৰ্থন কৰি অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ’লে সকলোৰে বাবে মংগলজনক হ’ব বুলি মন্তব্য কৰে। ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনৰ বিৰোধিতা কৰি বিপিএফৰ জ্যেষ্ঠ নেতাসকলে অসাংবিধানিক শব্দ, মন্তব্য প্ৰয়োগ কৰাটো মুঠেও সমীচীন হোৱা নাই বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে বিপিএফৰ দুৰ্নীতিৰ বিষয়টোও অৱতাৰণা কৰে।