157
নগাঁওঃ কবিয়ে দলঙ ভাল পায়৷ দলঙে মানুহক সংযোগ ঘটাত সহায় কৰে৷ দলং নাথাকিলে আপুনি মই বহু দূৰত৷ এখন দলঙে আপোনাক মোক কম সময়ত লগালগি কৰিব পাৰে৷ সেয়েহে আজি একাংশ কবি গোট খাইছে দলঙত৷
দলঙত এজন এজনকৈ কবিয়ে কবিতা আওৰাই স্মৰণ কৰিছে স্বনামধন্য কবি নৱকান্ত বৰুৱাক৷ কবিৰ প্ৰিয় বিষয় আছিল ‘দলং’৷ যাৰ বাবে তেওঁৰ মৃত্যু দিনটো নগঞা ৰাইজে ‘দলঙত কবিতা’ নামেৰে উদযাপন কৰি আহিছে ৷