newsnextone.com | ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ ডিকম অাৰক্ষী চকীৰ অন্তৰ্গত নাদুৱা অঞ্চলত নিচা জাতিয় দ্ৰব্যৰ প্ৰচলন বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ বিভিন্ন পক্ষই নৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ মদ, গাঞ্জা আৰু জুৱাৰ ব্যাপক প্ৰচলন হৈ থকাৰ অভিযোগ উত্থাপন কৰে৷
প্ৰশাসনৰ সন্মুখতে এনে কাৰ্য সংঘটিত হোৱাৰ পিছতো আৰক্ষীয়ে এনে অনৈতিক কাৰ্য সমূহ ৰোধ কৰিবলৈ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ মতে, নাদুৱা চাহ বাগিচা, হেজেল বেংক এলেকা, ডিকম অঞ্চল, অইল ইণ্ডিয়া লিমিটেডৰ অইল খাদৰ সমীপত মদ, গাঞ্জা আৰু জুৱাৰ দৰে অনৈতিক কাৰ্যৰ ব্যাপক প্ৰচলন চলি আহিছে৷ দুষ্ট চক্ৰই এনে ব্যৱসায় চলাই গৈছে৷