50
চামগুৰিঃ আয়ৰ বৰ্হিভূত অবৈধ সম্পত্তিৰ তথ্য বিচাৰি বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা অহা আয়কৰ বিভাগৰ এটা বৃহৎ দলে নগাঁৱৰ ৰূপহীহাটৰ চিকনি চুপাৰীৰ ব্যৱসায়ী খাইৰুল ইছলামৰ ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু বাসগৃহত তালাচী চলায়।
পুৱাৰে পৰা চলোৱা অভিযানত দলটোৱে পোৱা তথ্যৰ সবিশেষ সাংবাদ মাধ্যমৰ সন্মুখত অৱগত নকৰিলে যদিও বিভিন্ন আপত্তি জনক নথি-পত্ৰ জব্দ কৰা বুলি এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা গৈছে।