Home ৰাজ্যপিতৃ-মাতৃক সন্ধান লাগে নিৰুদ্দিষ্ট আশিকৰ

পিতৃ-মাতৃক সন্ধান লাগে নিৰুদ্দিষ্ট আশিকৰ

by News Desk
A+A-
Reset
5226fc48-4f91-4f82-ac97-9ce4e075bad7

ডিজিটেল ডেস্ক |নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ সুতিৰপাৰ আৰক্ষী চকীৰ এলেকাধীন ফুৰহানিআটিৰ দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক বহি:ৰাজ্যত সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ফুৰহানিআটিৰ ফইজুল ইছলামৰ একৈছ বছৰীয়া পুত্ৰ আশিক এলাহি প্ৰায় এমাহ পূৰ্বে লগৰীয়াৰ লগত কৰ্ম-সংস্থাপন বিচাৰি কেৰেলালৈ গৈছিল যদিও কেৰেলালৈ যোৱাৰ পিছৰে পৰা পৰিয়ালৰ লগত যোগাযোগ বিচিন্ন হৈ পৰে। দৰিদ্ৰ পৰিয়ালৰ আশিক এলাহি হঠাতে এনেদৰে বহি: ৰাজ্যত নিৰুদ্দেশ হোৱাত হতভম্ব হৈ পৰিছে পৰিয়ালবৰ্গ। কেৰেলাত কোনো দালাল চক্রৰ কবলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। ইফালে, যুৱকজন সন্ধানহীন হোৱা সন্দৰ্ভত ইতিমধ্যে যুৱকজনৰ দুৰ্ভগীয়া মাতৃয়ে যোৱা ২৫ অক্টোবৰত সুতিৰপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। টি-চাৰ্ট আৰু পেণ্ট পৰিধান কৰা শ্যাম বৰণৰ ৫ ফুট উচ্চতাৰ যুৱক জনৰ কোনো লোকে কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নাইবা  ৯৪৩৫৮৬৯২৬০ আৰু ৭০০৫৭৯০৩৭৫ নম্বৰত যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে নিৰুদ্দিষ্ট যুৱকজনৰ পৰিয়ালৰ লোকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0